Niharika Senapoti 14 Nov 2025 कविताएँ अन्य জীৱনৰ ৰণ 6767 0 Hindi :: हिंदी
জীৱন ৰণত যদি মই
পৰোঁ ভাগৰি
আই তই বুকুৰ মাজতে
লবিনে সামৰি।
জীৱনৰ মুকুতি পথ যদি
এন্ধাৰে আৱৰি ধৰে
জোনাকী হৈ তুমি আহিবানে
সজাবলৈ পোহৰে।
ভাগৰুৱা বুকুত শেষ উশাহে যদি
নেপাই সহাৰি
পিতাই তই দুহাতেৰে মোক
ধৰিবিনে খাঁমুচি ।